==="सभी लोगों के लिए अच्छी खबर" -(हिंदी,বাঙালি,తెలుగు,मराठी,தமிழ்,اردو,ગુજરાતી,ಕನ್ನಡ,മലയാളം,ଓଡ଼ିଆ,ਪੰਜਾਬੀ,Ôxômiya,etc.)-संख्या से सर्वाधिक बोली जाने वाली भाषाओं (१-१२) भारत में // (Hindi,,Bengali,Telugu,Marathi,Tamil,Urdu,Gujarati,Kannada,Malayalam,O

Episode 1: [12]. Assamese Christmas Song.3gp


Listen Later

[१२]. एसामीज़ क्रिसमस गीत.3gp // (ASMIRV)-১ কৰিন্থীয়া 15: -পুনৰুত্থানৰ বিষয়1. হে প্ৰিয় ভাই সকল, যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে; 2. আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।3. কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰৰ বচন অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল; 4. আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰৰ বচন অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;5. আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক, 6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাইসকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল। 7. পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।8. সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে। 9. কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।10. তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; অকল ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে। 11. এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
...more
View all episodesView all episodes
Download on the App Store

==="सभी लोगों के लिए अच्छी खबर" -(हिंदी,বাঙালি,తెలుగు,मराठी,தமிழ்,اردو,ગુજરાતી,ಕನ್ನಡ,മലയാളം,ଓଡ଼ିଆ,ਪੰਜਾਬੀ,Ôxômiya,etc.)-संख्या से सर्वाधिक बोली जाने वाली भाषाओं (१-१२) भारत में // (Hindi,,Bengali,Telugu,Marathi,Tamil,Urdu,Gujarati,Kannada,Malayalam,OBy Tze-John Liu