==="सभी लोगों के लिए अच्छी खबर" -(हिंदी,বাঙালি,తెలుగు,मराठी,தமிழ்,اردو,ગુજરાતી,ಕನ್ನಡ,മലയാളം,ଓଡ଼ିଆ,ਪੰਜਾਬੀ,Ôxômiya,etc.)-संख्या से सर्वाधिक बोली जाने वाली भाषाओं (१-१२) भारत में // (Hindi,,Bengali,Telugu,Marathi,Tamil,Urdu,Gujarati,Kannada,Malayalam,O

Episode 1: Assamese - "Words of Life".3gp


Listen Later

असमिया - "जीवन के शब्द".3gp //১ কৰিন্থীয়া 13প্ৰেমৰ উৎকৃষ্টতা1. যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। 2. যদি মই ভাববাণী কোৱা বৰ পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। 3. আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।4. প্ৰেম সহনশীল আৰু স্নেহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী, 5. বা অশিষ্টাচাৰী নহয়। ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয়, আৰু ই আন লোকে কৰা অন্যায়ৰ হিচাব নলয়৷ 6. ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, 7. প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোতে আশা কৰে, আৰু সকলোকে সহ্য কৰে।8. প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, আতৰি যাব; জ্ঞান হ’লে, লুপ্ত হ’ব। 9. কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ; 10. কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব। 11. যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰি পেলালোঁ। 12.কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিব পাৰিম। 13. কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম; এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
...more
View all episodesView all episodes
Download on the App Store

==="सभी लोगों के लिए अच्छी खबर" -(हिंदी,বাঙালি,తెలుగు,मराठी,தமிழ்,اردو,ગુજરાતી,ಕನ್ನಡ,മലയാളം,ଓଡ଼ିଆ,ਪੰਜਾਬੀ,Ôxômiya,etc.)-संख्या से सर्वाधिक बोली जाने वाली भाषाओं (१-१२) भारत में // (Hindi,,Bengali,Telugu,Marathi,Tamil,Urdu,Gujarati,Kannada,Malayalam,OBy Tze-John Liu