অসম চৰকাৰৰ উদ্যোগ ,বাণিজ্য আৰু প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত নৱ প্ৰজন্মক উদ্যোগ ব্যৱসায়ৰ প্ৰতি সুযোগ প্ৰদান কৰা উদ্দেশ্যেৰে "উদ্যম ২০২৩" শীৰ্ষক এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলনৰ আয়োজন কৰিছে।নগাঁৱতো জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, নগাঁও, মৰিগাঁও আৰু হোজাই এলেকাৰ সহযোগত আজিৰ পৰা অনুষ্ঠিত হৈছে "উদ্যম ২০২৩"।নেহৰুবালিৰ বাকৰিত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সামগ্রী বিক্ৰী আৰু প্ৰদৰ্শণী, আলোচনা চক্ৰ তথা প্ৰশিক্ষণ
💐ইয়াতে কথা পাতিছিলো উদ্যোগী সকলৰ লগত এই কথা বতৰা ইয়াত আগবঢ়োৱা হৈছে ।💐