Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep_127_Songs Artist Jitul Sonowal জিতুল সোনোৱালৰ কন্ঠৰ গীত
    1জিতুল সোণোৱাল (ইংৰাজী: Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।
    ক্ষিপ্ৰ তথ্য: জিতুল সোণোৱাল, প্ৰাথমিক তথ্য ...
    একক কণ্ঠৰ এলবাম
    নিৰিবিলি গধূলি
    প্ৰতীক্ষা
    বৃষ্টি
    বৰষা
    নতুন লহৰ
    যদি কেতিয়াবা
    শিহৰণ
    ৰহণ
    যশোৱা
    প্ৰীতি
    মৰমী প্ৰিয়া
    সোণালী
    অঞ্জনা
    কপৌ পাহি তোৰে খোপাত
    41 min
  • Ep_125_Modern Song Kajiranga Moi_by Sangeeta Borthakur
    Ly Sayed Sadulla Geetu Kazirangar jibakular uparat likha hoise. Kaziranga National Park) অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰ সমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী (Asian Elephant), ম'হ (Wild Asiatic Water Buffalo) আৰু দল হৰিণ (Swamp deer)-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় 'জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান'ত (biodiversity hotspot) অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়।
    ক্ষিপ্ৰ তথ্য
    ক্ষিপ্ৰ তথ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দেশ ...
    কাজিৰঙা ওখ ঘাঁহ (Elephant grass (Miscanthus sinensis)) আৰু ঘন 'গ্ৰীষ্মপ্ৰধান সেমেকা পৰ্ণপাতী অৰণ্য' (tropical moist broadleaf forest)। ইয়াৰে মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি চাৰিখন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেবাটাও বিল আছে। কাজিৰঙাক লৈ কেবাখনো কিতাপ, গান ৰচনা কৰা হোৱাৰ উপৰিও কেবাখনো তথ্য-চিত্ৰ নিৰ্মাণ কৰা হৈছে। ২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল (reserve forest) হিচাপে এশ বছৰ অতিক্ৰম কৰে। ১৯০৫ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল।
    ইতিহাস
    মেৰী কাৰ্জন, ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ (১৮৭০-১৯০৬) পত্নী। এই মহিলাই ভাৰতত গঁড় সংৰক্ষণৰ দাবী তুলিছিল।
    ১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন। এই যাত্ৰাত তেখেতে অকল গঁড়ৰ খুৰাৰ ছাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নাপালে। তেখেতৰ লগত যোৱা 'পশু সন্ধানক' (animal tracker) 'বলোৰাম হাজৰিকা'ই (নিগনা চিকাৰী) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত দাঙি ধৰে। ইয়াৰ পাছতেই তেখেতে স্বামী ল'ৰ্ড কাৰ্জনক গঁড়ৰ সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিবলৈ পতিয়ন নিয়ায়। লৰ্ড কাৰ্জনেই গঁড়ৰ সংৰক্ষণৰ বাবে আঁচনি প্ৰস্তুত কৰা কামৰ আৰম্ভণি কৰে। ১৯০৫ চনৰ ১ জুনত 'কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল'ৰ পট্টন কৰা হয়। সেই সময়ত ইয়াৰ মাটি-কালি আছিল ২৩২ বৰ্গ কি.মি.।
    পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু ১৫২ বৰ্গ কি.মি. বঢ়াই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিস্তাৰ কৰা হয়।[বিসংগতিপূৰ্ণ উত্স] ১৯০৮ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' ঘোষণা কৰা হয়। ১৯১৬ চনত ইয়াক 'অভয়াৰণ্য' ঘোষণা কৰা হয়। "কাজিৰঙা চিকাৰ অভয়াৰণ্য" (Kajiranga Game Sanctuary) নামটো ১৯৩৮ চনলৈ বাহাল থাকে। এই সময়চোৱাত কাজিৰঙাৰ ভিতৰত চিকাৰ কৰাৰ ওপৰত বাধা-নিষেধ আছিল আৰু ভ্ৰমণকাৰীক দৰ্শনৰ অৰ্থে অৰণ্যৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন]
    কাজিৰঙাৰ ঘাঁহনিত এক এশিঙীয়া গঁড়।
    ১৯৫০ চনত অৰণ্য সংৰক্ষক (forest conservationist), পি.ডি. ষ্ট্ৰেচীৰ উদ্যোগত 'কাজিৰঙা অভয়াৰণ্য' নাম সলনি কৰি 'কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য' (Kaziranga Wildlife Sancutuary) কৰা হয়। মূলত: আগৰ নামটোত সংপৃক্ত 'চিকাৰ' (game) শব্দটোৱে ভুল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৫৪ চনত অসম চৰকাৰে 'অসম (গঁড়) আইন' (Assam (Rhinoceros) Bill) প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গঁড় হত্যাৰ বিৰূদ্ধে শাস্তিৰ কঠোৰ কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে 'অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন' (The Assam National Park Act of 1968) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয়। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ (UNESCO) 'বিশ্ব ঐতিহ্যক্ষেত্ৰ' (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰা হয়।
    কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাজিৰঙাৰ আশ-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে। [উদ্ধৃতিৰ প্ৰয়োজন] আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰত হানিৰ সৃষ্টি কৰিছে। অৱশ্যে আলফাৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে কাজিৰঙাৰ কোনো হানি হোৱা নাই–বৰং–কিছুমান ক্ষেত্ৰত আলফা সদস্যই উদ্য
    5 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.