জেন গ'ডাল এগৰাকী প্ৰখ্যাত primatologist. তেওঁৰ কৰ্মৰাজিৰ লগত সকলোকে চিনাকি কৰোৱাৰ বাবে এই episode-টো প্ৰস্তুত কৰা হৈছে।
যিসময়ত primatology ৰ ক্ষেত্ৰখনত মহিলাৰ অংশগ্ৰহণ প্ৰায় নাছিল সেই সময়ত জেন গ'ডাল জড়িত হৈ আছিল আফ্ৰিকাৰ গ'ম্বেৰ চিম্পাঞ্জীবিলাকৰ অধ্যয়নৰ লগত। জেনৰ এই গৱেষণাতে বহু যুগান্তকাৰী আৱিষ্কাৰ হৈছিল। উল্লেখযোগ্য যে চিম্পাঞ্জী হৈছে মানুহৰ নিকটতম আত্মীয়। মানুহৰ লগত সিহঁতৰ জেনেতিক দিশৰ পৰা যথেষ্ট মিল আছে। Dr জেন বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি বন্যপ্ৰাণী তথা প্ৰকৃতিৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰি আহিছে।