Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep-558- কামপুৰ বৰক'লাৰ আৰু লংকা ৰাজহ চক্ৰৰ বানপানীৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান।
    Ep-558- কামপুৰ বৰক'লাৰ আৰু লংকা ৰাজহ চক্ৰৰ বানপানীৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান।
    আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে । চাবচক্ৰাইব কৰিব
    26 min
  • Ep_555_আদিযামল পুথি পাঠ
    আদিযামল পুথি পাঠ
    অতি গুৰুত্বপূৰ্ণ এখন পুথি আপোনালোকে শুনিব। চতুৰ্থ খণ্ড ।
    প্ৰযোজনা কিৰণ চন্দ্ৰ নাথৰ । সকলোৱে Subscribe কৰিব । 98641 60507
    22 min
  • Ep_554_ কঠিকা_ ফকৰাযোজনাত অসমীয়া লোকজীৱনৰ ছবি আৰু জেংবিহু ।
    ১ কঠিকা_ ফকৰাযোজনাত অসমীয়া লোকজীৱনৰ ছবি কৈছে ড. ঘনকান্ত বৰাই হোজাই কন্যা মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক ।
    ২জেংবিহু শিল্পী ৰুমী বনীয়া আৰু সংগীসকল ।
    (সকলোৱে চাবচক্ৰাইব কৰিব)
    16 min
  • Ep_553_নগাঁৱত অনুষ্ঠিত শ্ৰমিক দিৱসৰ প্ৰতিবেদন
    নগাঁৱত নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন আৰু শ্ৰমিক সন্থাৰ সভাপতি গজেন শ‌ইকীয়াক সম্বৰ্ধনা।
    এক মে বুধবাৰে নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থায়ে শ্ৰমিক দিৱস পালন কৰে এই উপলক্ষে পুৱা মে দিৱসৰ ৰঙাপতকা উত্তোলন কৰে সন্থাৰ সভাপতি গজেন শ‌ইকীয়াই । ইয়াৰ পিছতেই শ্বহীদ সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলো শ্ৰমিকে শ্বহীদ বেদিত মাল্যাৰ্পন কৰি স্মৰণ কৰে ।
    ইয়াৰ পিছতেই সন্থাৰ কাৰ্যালয়ত এখনি সভাৰ আয়োজন কৰে এই সভাত সভাপতিত্ব কৰে সদৌ অসম মটৰ শ্ৰমিক যুতীয়া পৰিষদৰ সাধাৰণ সম্পাদক এই ৰেজাক আহমেদে লগতে সভাত উপস্থিত থাকে গুৱাহাটীৰ শ্ৰমবিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া উত্তম পাটোৱাৰী ।
    এই সভাত শ্ৰমিক সকলৰ বিভিন্ন ক্যালমুলক আঁচনিৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰি সকল শ্ৰমিকে নিজৰ জীৱন বলিদান দিছিল সেই সকলক স্মৰণ কৰে ।
    এই সভাতে নগাঁও ট্ৰাক চালক শ্ৰমিক সন্থাৰ সভাপতি গজেন শ‌ইকীয়াক সম্বৰ্ধনা জনোৱা হয় গজেন শ‌ইকীয়াক সম্বৰ্ধনা পত্ৰ, গামোচা, শৰাই আৰু এটি টি ভি প্ৰদান কৰা হয় ।
    18 min
  • Ep_551_বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ।
    নগাঁও জিলাৰ বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ।
    বিদ্যালয়ৰ প্ৰধান গুন বৰাৰ সাক্ষাৎকাৰ
    ছাত্ৰ-ছাত্ৰীৰ গীত
    সকলোৱে চাবচক্ৰাইব কৰিব ।
    18 min
  • Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)
    Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)
    অসমী ব্যাকৰণ।
    এটা শব্দত প্ৰকাশ কৰা।
    অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে।
    ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে ।
    ####
    যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা ।
    যি আনৰ অধীন _ পৰাধীন
    যি আনৰ অধীন নহয় _ স্বাধীন।
    যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত ।
    যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্বাসী ।
    যি মাটিৰ উৎপাদিকা শক্তি নাই__ অনূবৰ।
    যি মাটিৰ সাৰ নাই_
    অসাৰুৱা ।
    ঘাঁহৰে ভৰা ঠাই ঘাঁহনি ।
    যি কথাৰ অৰ্থ নাই _ নিৰ্থক, অৰ্থহীন, অৰ্থশূণ্য।
    খাবলৈ অনা কলপুলি _পচলা ।
    কলেৰে ভৰা ঠাই _ সলনি ।
    কাণেৰে নুশুনা যি মানুহ_ কলা
    যি কাপোৰ বব জানে _ শিপিনী ।
    গৰু বন্ধা ঠাই_ গোহালী ।
    ম'হ বন্ধা ঠাই _খুটি ।
    যি মাগি খায়-- মগনীয়াৰ ।
    যি খুজি খায় খোজনীয়াৰ ।
    যি দীৰ্ঘকাল জীয়াই থাকে__দীৰ্ঘজীৱী ।
    গোটেই জীৱন জুৰি _আজীৱন ।
    যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে_ আত্মনিৰ্ভৰশীল , স্বাৱলম্বী।
    যি নিজৰ ওপৰত নিৰ্ভৰ কৰি নচলে _পৰনিৰ্ভৰশীল ।
    যি বস্তু দিব পৰা নাযায় _অদেয় ।
    যি কথা জনা নাজায়_অজ্ঞাত , অজানিত ।
    যাক সহজতে লাভ কৰা যায় _ সুলভ,অনায়াসলভ্য, সহজলভ্য
    12 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.