Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep_504_Durga Nam // দূৰ্গা দেৱীৰ নাম // নমো নমো ....
    দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।
    ===[[দুৰ্গা]]===
    ‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। ''শব্দকল্পদ্ৰুম'' ৩। ১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত
    দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।
    ;১. [[শৈলপুত্ৰী]]
    :মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁহাতত শূল আৰু বাঁওহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “[[সতী]]”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পাছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী” নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’ আৰু ‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।
    ;২. [[ব্ৰহ্মচাৰিণী]]
    :মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “''বেদস্তত্ত্ব তপো ব্ৰহ্ম। ''” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। এখেতৰ সোঁহাতত জপ-মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশমতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।
    ;৩. [[চন্দ্ৰঘণ্টা]]
    :মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেখেতক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। এখেতৰ শৰীৰৰ বৰণ সুৱৰ্ণৰ দৰে উজ্জ্বল। এখেত দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত। এখেতৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা। ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক।
    ;৪. [[কুষ্মাণ্ডা]]
    :মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু-মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে এখেত হে হ’ল সৃষ্টিৰ আ
    13 min
  • Ep_502_ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা নগাঁও ২০২৩ ২৪ ৰ এটি প্ৰতিবেদন
    NorthEast People's Development Federation আৰু Tiwa Autononus Council ৰ সৌজন্যত যোৱা ৮ অক্টোবৰৰ পৰা অহা ২১ অক্টোবৰলৈ নগাঁওৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুস্থিত হৈ আছে ৰাজ্যিক হস্ততাত বস্ত্ৰমেলা ২০২৩-২৪ ৰ বিপণীত গৈ দেশৰ বিভিন্ন প্ৰান্তৰ হাতে বোৱা কাপোৰ আৰু হাতেৰে প্ৰস্তুত সামগ্ৰী বিক্ৰী কৰা উদ্যোগী সকলৰ লগত কথা পাতিছিলো ।
    শুনো আহক
    চাবচক্ৰাইব কৰিব
    মূখ্য পৰিচালক
    কিৰণ চন্দ্ৰ নাথ
    নগাঁও অসম 98641 60507
    15 min
  • Ep_499_ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু KRiSIL প্ৰগ্ৰাম কি ? কি দৰে সহায়ৰ হাত আগবঢ়াই ?
    নগাঁৱৰ কাছমাৰিৰ পলাসতল প্ৰাংগনত আজি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল প্ৰগ্ৰামৰ মই প্ৰগতি আচনিৰ কমিঊনিটি লেভেলৰ পয্যায়ৰ এখনি সভা অনুষ্ঠিত হয় ।
    খাগৰিজান উন্নয়ন খণ্ডৰ অধিনৰ এই সভাত আজি কাছমাৰি আৰু শেনছো অঞ্চলৰ ভালে সংখ্যক মহিলাই অংশগ্ৰহণ কৰে।
    কমিউনিতি লেভেল পয্যায়ৰ অৰ্থাৎ যোগা যোগ পয্যায়ৰ এই সভাত বিশেষকৈ মহিলা সকললক যোগান ধৰা' মই প্ৰগতি ' আচনিৰ অধীনত বিত্তীয় সহায্য প্ৰদানৰ বিষয়ে বিতংভাৱে বুজাই দিয়া হয় ।
    এই সভাত খাগৰিজান উন্নয়ন খণ্ডৰ নগাঁও আৰু মৰিগাঁও জিলাৰ ফিল্ড মেনেজাৰ শ্ৰবন শৰ্মা ।
    সাৰংগ তালুকডাৰ।
    সীমামণি দাস গ্ৰীন বৰাৰ
    লগতে জীবিকা সখী ভানু দেৱী আৰু মামনী দত্ত উপস্থিত থাকে । আজিৰ এই সভাত পঞ্চায়ত সভাপতি পংকজ বৰা উপস্থিত থাকে ।
    লাইক আৰু চেয়াৰ চাবচক্ৰাইব কৰিব
    23 min
  • Ep_498_লক্ষ্মী দেৱীৰ নাম । লক্ষ্মী দেৱী আহি আছে...
    লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত। পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷
    ক্ষিপ্ৰ তথ্য লক্ষ্মী দেৱী, অন্য নাম ...
    ব্যুৎপত্তি
    লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্‌ (সংস্কৃত: लक्ष् ) আৰু লক্ষ (সংস্কৃত: लक्ष ) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷ লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়। ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।💐💐💐💐💐💐💐💐💐💐💐
    ঢাবঢক্ৰাইব কৰিব
    11 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.