আইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, বিয়ানাম, বিহুগীত আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷ আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত। বসন্ত ৰোগ মানুহৰ গাত ওলালে এই নাম গোৱা হয়। বসন্ত ৰোগ 'সাত গৰাকী আই বা দেৱীৰ' কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্ৰমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায়। সেইদৰে সুবচনী দেৱীকো অসুখ-অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে স্তুতি প্ৰাৰ্থনা কৰা হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুৰ্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্ৰগাঢ় ভক্তিৰ পৰিচয় পোৱা যায়। দেৱীক মাতৃ জ্ঞানেৰে, অতি আপোনজনৰদৰে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব।