Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep_79_Aai Nam
    অসমত ফাগুন চ'ত মাহ পচোৱা বতাহ আৰু ধুলিৰে আচন্ন ।এই সময়চোৱাত অসমত বসন্ত ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয় ।বসন্ত ৰোগ 'আই' তথা আইদ্য শক্তিৰ গোসা‍ঁনীৰ দান,বসন্ত আইৰে ৰুপ-এই পবিত্ৰ বিশ্বাসক অসমীয় লোক সমাজে এক সুন্দৰ ৰুপ প্ৰদান কৰিছে ।' আই ' ঘাইকৈ তিনি বিধ -- বৰ আই SmalL pox মাজু আই Chicken pox আৰু সৰু আই Measeles ।
    অসমৰ লোক বিশ্বাসত আই সাত গৰাকী । উজনি অসমৰ আই নামত আছে 'উজায়ে আহিলে আইৰে সাতে ভনী সাতালী পৰেবত জুৰি '।।নামনী অসমত প্ৰচলিত আইনামত আই দহ গৰাকী শীতেলা -তিলেনী পানীমলা,ৰংমলা ,বাহাঁমুৰী,লাভামুৰী, পানীচমেৰী,ধনমলা, মৰুৱা, কাছৰী, কেটেকী আৰু হাগুৰী ।
    আইসবাহত আদ্যশক্তি মহামায়া আই ভগৱতীক সন্তোষ্ট কৰিবলৈ আইৰ কাৰণে শৰাই সফূৰা সজাই , ভক্তিমতি গোপীনী সকল গোট খাই আই নাম ললেই আই সন্তূষ্ট হয় ।আই নামৰ সুৱদী সুৰত সকলো শঙ্কা ভয় যেন আতৰি পলাই মন যূৰ পৰি যায় ।
    💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
    19 min
  • Ep_87_Zeng Bihu Assamese Folk Song Dipa Das And pty
    Assamese Group Folk Song prsented by Women at the time of Rangali bihu or Bohagbihu .They present this Song at open field . *****Bahag bihur samayat gaonr mohila sakole ghrar pora durar potharat adal Zeng puti aai bihu gaye aru nritya kore. Yeat purusar prabesh nisedh . Aru bihugitar kothabur kissu aslel .sai karane kewal mohilye nase gaye.💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
    জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে। বিহু নচা নাচনীৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি বিশ্বাস কৰা হয়। জেং বিহু নামটো কোনে কেতিয়া দিছিল তাৰ ইতিহাস পাবলৈ নাই। হেমকোষ, চন্দ্ৰকান্ত অভিধান বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসমূহতো জেংবিহু শব্দটো পোৱা নাযায়।
    ক্ষিপ্ৰ তথ্য জেং বিহু, শৈলী ...
    মতভেদ
    জেংবিহু নামকৰণত বহু মতভেদ আছে। যেনে-
    বিহু মাৰতীহঁতে হেনো বিহু মৰা ঠাইত শুকান জেং কেইডালমান থিয়কৈ লয় আৰু পিছত হেনো তাতেই সেউজীয়া ডালপাত লগাই দিয়ে"ব্যাখ্যাৰ প্ৰয়োজন নাই যে, জেং থিয়কৈ লোৱাৰ বাবে জেংবিহু নামটো আহিছে। (ড° মহেশ্বৰ নেওগ)
    আহোমসকলে আদিতে বোলা জেং নাং পঈ কালক্ৰমত জেংবিহু হ'লগৈ। (প্ৰদীপ চলিহা)
    জেং পুতি বিহু মৰা গাভৰু বিহুক জেংবিহু নামকৰণ কৰা হয় যদিও জেংবিহু আচলতে টাই গাভৰুসকলে মৰা গাভৰু বিহুহে হ'ব লাগে। (হেম বুঢ়াগোহাঁই)
    প্ৰতিযোগিতাৰ যুগত মঞ্চত গছৰ ডাল এটা বা জেং এডাল পুতি তাতে গামোচা এখন আঁৰি দিয়া বাবেহে সৰ্বসাধাৰণৰ মাজত ভুলতে জেং বিহু শব্দটো অধিক জনপ্ৰিয় হ'ল। (জয়কান্ত গন্ধীয়া)
    এই সূত্ৰসমূহৰ মতে ্জেং বিহুত জেং এডালৰ প্ৰয়োজন। জেং থকা বাঁহ অথবা গছৰ ডাল এটা পুতিও এই বিহু অনুষ্ঠিত কৰা হৈছিল। কোনো কোনোৱে সেই জেঙতে বিহু ডাঙৰীয়ালৈ বুলি এখনি ফুলাম গামোচা আগবঢ়ায়। কোনোৱে গুৱা-পাণ এজোৰ অথবা ফুলৰ মালা এধাৰি আঁৰি দিয়ে। আগৰ দিনত গাভৰু ছোৱালীয়ে গছৰ তলত পতা গাভৰু বিহুৰ ইয়াৰ সাদৃশ্য ভালেখিনি। প্ৰদীপ চলিহাৰ মতে,"জেং বিহুৰ অৰ্থ নিভাঁজ বিহু অৰ্থাৎ নিভাঁজ গাভৰু বিহু।" হাত চাপৰিৰ উপৰি টকা আৰু গগণা বজাই  গাভৰুহঁতে জেংবিহু পাতিছিল। ডেকাৰ প্ৰৱেশ ৰুদ্ধ এই জেং ডালে প্ৰতীক ৰূপ গ্ৰহণ কৰা বুলি কোৱা হয়। আগেয়ে জেংবিহু তিনিদিন ধৰি চলিছিল। আজিকালি উজনিৰ ভিতৰুৱা গাঁৱত এদিন বা দুদিনহে চলে। বৰ্তমান মঞ্চত গছৰ ডাল এডাল পুতি গাভৰুৱে মৰা বিহুকেই জেংবিহু আখ্যা দিয়া দেখা যায়।
    জেং বিহু সম্পৰ্কীয় বিহুগীত
    তামোল কাটি কাটি অকলে নাখাবা আমাকো এখন দিবা
    জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা।
    চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
    গছৰ ডালত বিনালে ঐ কুলি,
    জীয়ৰী-বোৱাৰী ওলাই ঐ আহিছোঁ
    বিহুকে মাৰোগৈ বুলি(যোজনা)
    বৰঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ
    ঘনাই মাৰিছিলো অ' মাকো,
    আঁহতৰ তলতে টকাৰ মাত শুনিলোঁ অ'
    ঘৰত মই কেনেকৈ থাকোঁ।
    !
    15 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.