তমসা হেচুকী কাঁচিয়লিৰ কিৰণত যেন
বসুধায়ে পুনৰ প্ৰাণ পাই উঠিছে।
বন-বিহগীৰ কাকলিত আৰু স্রোতস্বিনীৰ কল্লোলত
মোৰ দেহ-মন
প্রকৃতিতেই বিলীন।
বননিত থকা নিয়ৰৰ টোপালবোৰ
মুকুতাৰ দৰে জিলিকিছে।
সেউজবুলীয়া দুটি পাহাৰৰ মাজেদি বৈ অহা জুৰিটিয়ে মোৰ নয়নযুগল মূহুৰ্তৰ বাবে
স্তব্ধ কৰি ৰাখিছে।
স্নিগ্ধ বতাহজাকত ভাঁহি অহা শেৱালীৰ সুবাসত পাখিলাহী পখিলাৰো মৃদু নাচোন।
কিন্তু এইয়াটো সময় জীৱশ্ৰেষ্ঠ জাগি উঠাৰ ৷
জীৱশ্ৰেষ্ঠই দেখোন পুনৰ এখোজ দিছে প্ৰকৃতিক অত্যাচাৰৰ দিশে।
কুঠাৰাঘাতত ভাঁহি অহা বিৰিখৰ কি এক বেদনাদায়ক আর্তনাদ। তৰংগিনীৰ চকুলোক যে কাৰখানাৰ আবর্জিতে
কলুষিত কৰিছে।
অশ্রুসিক্ত পাহাৰদুটিৰ অশ্রুধাৰ যেন জুৰিটিয়ে
বোৱাই নিছে ভৈয়ামলৈ,
আৰু যে উচ্চ কম্পনাংকৰ বিকিৰণত পখিটিয়ে ডেউকা কোবাই বাৰে বাৰে
উৰিব খুজিও মাটিত ঢলি পৰিছে।
কিন্তু প্রকৃতিয়েও কিমান সহিব এনে নির্মম অত্যাচাৰ ?
প্ৰখৰ ৰ'দৰ উত্তাপত উত্তপ্ত ৰত্নগর্ভা পূর্ণোদ্যমে দহিছে আজিৰ মানৱক।
জলৰাশিয়েও ধাৰণ কৰিছে ৰুদ্ৰৰূপ ৷
ধনী- দুখীয়াৰ ভেদাভেদক উটুৱাই নিছে বলীয়া বানে।
কি মহানগৰ কিম্বা গাওঁ, সকলো আজি বানৰ কৱলত।
পাহাৰৰ ভূ-স্খলনে ৰাজপথ অথবা ৰেলপথ চানি ধৰিছে ভূ-কম্পনত তাচপাতৰ দৰে খহিছে সু-উচ্চ অট্টালিকা। মহামাৰীয়েতো জীৱশ্ৰেষ্ঠৰ দৰ্প চূর্ণ-বিচূর্ণ কৰি পেলালে।
সেইয়া ই জীৱশ্ৰেষ্ঠ মানৱ
এইয়াই হয়টো অন্তিম সকীয়নি প্রকৃতিৰ, নাইবা মানৱজাতিৰ স্মশানযাত্ৰাৰ বাবে প্রকৃতিক প্রয়োজন মাথো
কিঞ্চিৎমান সময়ৰহে ।
প্রকৃতি অবিহনেও মানৱজীৱন অচল আৰু অসম্ভৱ, কিন্তু মানৱ অবিহনে ও প্রকৃতি চিৰসুন্দৰ আৰু চিৰসতেজ।